Hebrews 1

এই পুস্তকখন কোনে লিখিছে, সেই বিষয়ে কোনেও সঠিক নাজানে, কিন্তু শাস্ত্রজ্ঞ্যসকলে কয় যে, সম্ভৱতঃ তেওঁলোক পাঁচনি পৌল, লূক নাইবা বাৰ্নবা। এই পুস্তকখন কেতিয়া লিখা হৈছিল, সেই বিষয়েও সঠিক জনা নাযায়। কিন্তু অনেকে ক’ব খোজে যে, প্রভু যীচু খ্রীষ্টৰ জন্মৰ প্রায় 70 বছৰৰ পিছত ইয়াক লিখা হৈছিল। 70 খ্রীষ্টাব্দত যিৰূচালেম ধ্ৱংস কৰা হৈছিল, কিন্তু এই পত্রখনৰ লিখকে কয় যে, তেতিয়ালৈকে যিৰূচালেম ধ্ৱংস কৰা হোৱা নাছিল। ৰোম নগৰত (13:24) ইব্রী পুস্তকখন লিখা হৈছিল, আৰু বোধহয় কেইবাখনো মণ্ডলীৰ মাজত ইয়াক প্রচাৰ কৰা হৈছিল।

চমু বিৱৰণঃ

  • লিখকে দেখুৱাই যে, প্রভু যীচু ভাববাদী আৰু দূতসকলতকৈ শ্রেষ্ঠ (1:1-4:13)।
  • এইদৰে তেওঁ দেখুৱাইছে যে, প্রভু যীচু যিৰূচালেমত থকা ঈশ্ৱৰৰ মন্দিৰৰ পৰিচৰ্যা কৰা পুৰোহিতসকলতকৈ শ্রেষ্ঠ (4:14-7:28)।
  • আনকি ঈশ্ৱৰে মোচিৰ দ্ৱাৰাই তেওঁৰ লোকসকলৰ লগত কৰা বিধিৰ ‘পুৰণি নিয়ম’তকৈ প্রভু যীচুৰ পৰিচৰ্যা শ্রেষ্ঠ (8:1-10:31)।
  • এই সকলোৰ পিছত, প্রভু যীচু সকলোতকৈ যে, শ্রেষ্ঠ এই বিষয়ে লিখকে কেইবাটাও ব্যৱহাৰিক পৰামৰ্শ বৰ্ণনা কৰিছে (10:32-13:17)।
  • অৱশেষত লিখকে কিছুমান উৎসাহজনক বাক্যৰে আৰু সম্ভাষণেৰে এই পত্রখনিৰ সামৰণি মাৰিছে (13:18-25)।

যীচু স্বৰ্গৰ দূত সকলতকৈ মহান

1পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল। 2কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে। 3সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল।

4ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।

5কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে,

“তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?”
1:5 গীত 2:7

আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
1:5 2 চমূৱেল 7:14

6পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে,

“ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”

7স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দূত সকলক বায়ুৰূপে আৰু নিজৰ
সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
1:7 গীত 104:4

8কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে,

“হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী,
তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।

9তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেল সানি অভিষিক্ত কৰিলে।”
1:9 গীত 45:6-7

10“হে প্ৰভু, তুমি আদিতে এই জগতৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷

11সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।

12তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
1:12 গীত 102:25-27

13কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে,

“মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা
নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
1:13 গীত 110:1

সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? তেওঁলোকক পৰিত্রাণ পাবলগীয়াসকলক পৰিচর্যা কৰিবলৈ পঠোৱা হ’ল।

14

Copyright information for AsmULB